ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰীৰ গৌৰীপুৰত মহালয়াৰ দিনা বিশাল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। বি পজেটিভ আৰু নূপুৰধ্বনিৰ যৌথ উদ্যগত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত শনিবাৰে সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানৰ শুভ উদ্বোধনী কৰে ধুবুৰীৰ অতিৰিক্ত আয়ুক্ত নৃত্য বিনোদ ৱাৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে বিখ্যাত নৃত্য শিল্পী ইৰিকা নান্দী আৰু বহু বিশিষ্ট ব্যক্তি । অনুষ্ঠানত বিভিন্ন শিল্পী সকলে নৃত্য গীত পৰিবেশন কৰে। এক আধ্যাত্মিক পৰিবেশৰ মাজত দেৱী দুৰ্গাৰ আগমণত আনন্দমুখৰ পৰিবেশৰ মাজত এই শুভ মহালয়াৰ অনুষ্ঠান অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
