গোলাঘাট, ০৬ জানুৱাৰী (হি স)। গোলাঘাট জিলাৰ দেৰগাঁও বালিজানত অভিশপ্ত দুৰ্ঘটনা স্থলীত পুনৰ যোৱা নিশা এখন ১৪ চকীয়া কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথত কাষত আবদ্ধ হৈ পৰে। এই কথাই কয়লা সৰবৰাহ নিষিদ্ধ থকাৰ পাছতো যে কয়লা সৰবৰাহ দৈনিক নিশাৰ ভাগত সৰবৰাহ হৈ থকাটোয়ে প্ৰমাণ কৰে। কয়লা পৰিবাহী ট্ৰাক খনৰ নম্বৰ আৰজে ১৯ জিএইচ ৩৫২৯ বুলি জানিব পৰা গৈছে। দোভাগ নিশা সংঘটিত হয় এই ঘটনা।
উল্লেখযোগ্য যে বুকু কপাই যোৱা ৩-১-২০২৪ তাৰিখ বুধবাৰে পুৱতি নিশা এখন ১৪ চকীয়া ট্ৰাক সৈতে এখন আলট্ৰা বাছৰ মুখামুখি খুন্দা মৰাৰ ফলত সমগ্ৰ দেশ কঁপাই ১২জন কৈ লোকে থিতাতে নিহত হোৱাৰ লগতে প্ৰায় ৩০জন কৈ লোকে চিকিৎসা ধিন হ’ব লগা হৈছিল। এই ঘটনাৰ আতঙ্ক মাৰ নৌ যাওতেই পুনৰ নিশা কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথত আবদ্ধ হৈ পৰিব লগাৰ দৰে ঘটনা সংঘটিত হৈছে। পথৰ দুৰাৱস্থাৰ বাবেই এনে ধৰণৰ ভয়ানক ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে মত ব্য়ক্ত কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
