নগাও, ২৪ আগষ্ট (হি.স.)। লংকা আৰক্ষীৰ বিশেষ সফলতা। তিনিমাহৰ পূৰ্বে চুৰি হোৱা স্কুটি উদ্ধাৰ কৰি চমজাই দিয়ে স্কুটিৰ গৰাকীক । উল্লেখ যে, প্ৰায় তিনিমাহ পূৰ্বে লংকাৰ বালুহণ্ডৰৰ দিয়া দেৱী নামৰ যুৱতী গৰাকীৰ এএছ ০২ জেড ৫৮১৪ পঞ্জীয়ন নম্বৰৰ স্কুটিখন নিজ ঘৰৰ পদূলীৰ পৰা হৈছিল চুৰি।
লংকা আৰক্ষীয়ে উক্ত চুৰি হোৱা স্কুটিখন লংকাৰ ৰেল ষ্টেশন পৰা উদ্ধাৰ কৰি চমজাই দিয়ে স্কুটি খনৰ গৰাকী দিয়া দেৱীক। লামডিং সম জিলাৰ দায়িত্বত থকা চিডিএছপি পাৱন নাথে আজি সন্ধিয়া লংকা আৰক্ষী থানাত নিজে চুৰি স্কুটিখনৰ চাৱি চমজাই দিয়ে স্কুটিখনৰ গৰাকী দিয়া দেৱীক।
তিনিমাহৰ পূৰ্বে চুৰি হোৱা স্কুটি পুনৰ পাই হোজাই তথা লংকা আৰক্ষীক ধন্যবাদ জনাই স্কুটিখনৰ গৰাকী দিয়া দেৱীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
