ধুবুৰী, ০৭ ছেপ্তেম্বৰ (হি.স.)। অসম বংগ সীমান্তৰ ছাগলীয়াত জি এছ টি বিভাগৰ অভিযান। অভিযানত মালবাহী কন্টেনাৰ ভৰ্তি উন্নত জাতৰ বহি:ৰাজ্যৰ গৰু জব্দ। বহি:ৰাজ্যৰ পৰা কন্টেনাৰত গৰু ভৰ্তি কৰি ছাগলীয়া হৈ অসমত প্ৰৱেশ কৰে গৰু ভৰ্তি বাহন। ছাগলীয়া আৰক্ষী চকীৰ সমিপত থকা কৰ পৰীক্ষণ চকীৰ কৰ্মচাৰীয়ে বাহনত থকা সামগ্ৰীৰ নথি-পত্ৰ বিচাৰি ৰখিবলৈ দিয়ে। চালকে কৰ পৰীক্ষণ চকী বিভাগক কণীৰ চালান দেখুৱায়।
কৰ পৰীক্ষণ চকী বিভাগৰ সন্দেহ হোৱাত কন্টেনাৰ খনৰ সামগ্ৰী দেখিবলৈ বিচাৰে। কন্টেনাৰ খন সামগ্ৰী দেখুৱাৰ পৰিৱৰ্তে চালকে পলায়ন কৰে। কৰ পৰীক্ষণ চকীৰ কৰ্মচাৰীয়ে কন্টেনাৰক লক্ষ্য কৰি পিছে পিছে খেদি যায়। ছাগলীয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কন্টেনাৰ এৰি চালক হেণ্ডিমেন পলায়ন কৰে। পিছত কৰ পৰীক্ষণ বিভাগে ছাগলীয়া আৰক্ষীক খবৰ দিয়ে । ছাগলীয়া আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ বাহনখন তালাচী চলোই উন্নত জাতৰ ২৫ টাকৈ গৰু উদ্ধাৰ কৰে। জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ ইউ পি ২১ এফ টি ১৪০৬ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
