গেংটক, ০৬ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হয়।
বিষয়াসকলৰ মতে, সীতাৰমণে আজি ৰাজধানী গেংটকত অনুষ্ঠিত হ’বলগীয়া ক্ৰেডিট আউটৰিচ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও অংশগ্ৰহণ কৰিব। একেদৰে তেওঁ ছিকিমৰ ভাৰত-চীন সীমান্তৱৰ্তী গাঁও কুপুপলৈও যোৱাৰ কথা। ইয়াৰ উপৰিও সীতাৰমণে নাবাৰ্ডৰ আউটৰিচ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।
আজি পুৱা সীতাৰমণক পশ্চিম বংগৰ বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ছিকিম চৰকাৰী বিষয়াই আদৰণি জনায়। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ-১০ হৈ ছিকিম পালেহি। ছিকিমৰ দুৱাৰমুখ ৰংপোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় গেংটকৰ বিধায়ক ৱাই টি লেপচা, পাকিম জিলাৰ জিলা বিষয়া তাছি চোপেল, ৰাজ্যিক প্ৰট’কল বিষয়া পি পালজাৰ, এছ ডি এম সুজাতা চুব্বা, এছ ডি পি অ’ মহেন্দ্ৰ চুব্বা আৰু পৰ্যটন বিভাগ আৰু এছ বি আইৰ বিষয়াসকলে।
হিন্দুস্থান সমাচাৰ/বিশাল/মনোজ/অৰবিন্দ
