হোজাই, ১৮ অক্টোবৰ (হি.স.): আজি কাতি বিহু। বিশেষকৈ আহিন আৰু কাতিৰ দোমাহীত উদযাপন কৰা কাতি বিহু মূলত শালিধানৰ পোক নিয়ন্ত্ৰণ আৰু অধিক উৎপাদন লাভৰ উদ্দেশ্যৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰতিজন অসমীয়াই পৰম্পৰা ৰক্ষা কৰি পালন কৰিব কাতি বিহু। পুৱাৰে পৰাই কাতি বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে লংকাৰ গাঁওসমূহতো একেই পৰিৱেশে বিৰাজ কৰিছে। লংকাৰ কৃষিপ্ৰধান অঞ্চল কাকীত কাতি বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে । ঘৰৰ চোতালত এনেদৰেই গৃহিনী সকলে তুলসীৰ পুলি ৰোপণ কৰি সন্ধিয়াৰ ভাগলৈ তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালকৈ ধাননি পথাৰত পোক পতংগৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰতিটো কৃষিজীৱি পৰিয়ালে বন্তি প্ৰজ্বলন কৰি ভৰাঁললৈ অধিক লখিমী অহাৰ মানসেৰে গৃহস্থই সেৱা আগবঢ়াব।লোকাচাৰ অনুসৰি বৃক্ষশ্ৰেষ্ঠ তুলসী ৰুলে ভগৱান সন্তুষ্ট হয়। তুলসীৰ তলত চাকি দি নাম কীৰ্তন কৰি মাহ প্ৰসাদ খায় আৰু এই লোকাচাৰ পালন কৰিলে যমদূতে অতিষ্ঠ কৰিব নোৱাৰে বুলি অসমীয়া সমাজত এক লোকবিশ্বাসৰ প্ৰচলন আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
