দক্ষিণ শালমাৰা মানকাচৰ, ২৭ ডিছেম্বৰ (হি.স.): হেলমেট পৰিধান নকৰা আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিবহন বিভাগ। জিলা পৰিবহন বিভাগে হাটশিঙিমাৰী বিভিন্ন স্থানত সুৰাপায়ী আৰু হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে চলায় তালাচী অভিযান ।
জিলা পৰিবহন বিভাগৰ বিষয়া সঞ্জিৱ কৃষ্ণাৰ নেতৃত্বত হাটশিঙিমাৰীৰ বিভিন্ন স্থানত চলা এই তালাচী অভিযানত কেইবাজনো বাইক চালকক হেলমেট পৰিধান নকৰাৰ ফলত জৰিমনা কৰা পৰিলক্ষিত হৈছে। জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি পৰিবহন বিভাগৰ এনফৰ্চমেণ্টয়ে প্ৰায় প্ৰতিদিনে অব্যাহত ৰাখিছে এই তালাচী অভিযান। আনহাতে হাটশিঙিমাৰীৰ দৈনিক বজাৰত জিলা পৰিবহন বিভাগে পথ সৰুক্ষা জীৱন ৰক্ষা সজাগতা অভিযানৰ যোগেদি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে। জিলা পৰিবহন বিষয়া গৰাকীয়ে ৰাইজক সুৰাপান নকৰাকৈ যান-বাহন চলাচলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
