নতুন দিল্লী, ১৮ অক্টোবৰ । ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে প্ৰকাশ কৰিলে মিজোৰাম বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন তালিকা। এই তালিকাত তিনিগৰাকী মহিলাকে ধৰি মুঠ ৯ গৰাকী প্ৰাৰ্থীৰ নাম আছে।
ইয়াৰ ভিতৰত আছে টুইৱাল বিধানসভা আসনৰ পৰা জুডি জোহমিংলিয়ানী, আইজল-দক্ষিণ আসনৰ পৰা এফ লালৰেমছাংগী আৰু চেৰচিপৰ আসনৰ পৰা কে বনলালৰাউতি।
উল্লেখযোগ্য যে মিজোৰামত ৪০ খন বিধানসভাৰ আসন আছে, যাৰ বাবে বিজেপিয়ে ২১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰথম তালিকাত ১২টা নাম সন্নিবিষ্ট কৰা হৈছিল।
