বঙাইগাঁও, ০৪ ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ মাণিকপুৰত শনিবাৰে নিশা ব্ৰাউন ছুগাৰ সহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ২নং দেওটাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছায়েদ আলী নামৰ লোকজনক।
লোকজনৰ পৰা আৰক্ষীয়ে ২৫টা খালি কাৰ্টিজ, দুটা ভৰ্তি কাৰ্টিজ, চাৰিটা চিৰিনজসহ ২.৪২ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে।
