তামুলপুৰ, ১৩ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ আৰু কামৰূপ জিলাৰ গাছবাৰীৰ কেইবাখনো গাঁৱত ধাননি পথাৰত শূৰ পোকৰ আক্ৰমণ। বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা খেতিয়কৰ খবৰ লবলৈ আহৰি নাই বিয়াগোম কৃষি বিভাগৰ। বিগত কিছুদিন ধৰি গোৰেশ্বৰ আৰু গাছবাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ বিঘাই বিঘাই ধাননি পথাৰত শূৰ পোকে আক্ৰমণ চলোৱাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া হৈছে চহা খেতিয়ক সকল।
বিশেষকৈ অঞ্চল দুটাত সাৰ, কীটনাশক আদিৰ বাবদ গাঁথিৰ ধন ভাঙি বহু কষ্টেৰে খেতি কৰাৰ পিছত এতিয়া পকিবলৈ ধৰা ৰঞ্জিত, বাহাদুৰ আদি ধানৰ আগবোৰ শূৰ পোকে কুটি পেলোৱাত বৃহত ক্ষতিৰ সম্মুখীন হৈছে খেতিয়ক সকল। ভূক্তভোগী খেতিয়ক সকলে জনোৱা অনুসৰি দিনৰ ভাগত সূৰ্যৰ পোহৰত ধানৰ গুৰিত থকা পোকবোৰ সন্ধিয়া হোৱাৰ লগে লগে জাকে জাকে ওপৰলৈ আহি ধান কুটা আৰম্ভ কৰি দিয়ে। ইয়াৰ পিছতো বিয়াগোম কৃষি বিভাগে ক্ষতিগ্ৰস্ত খেতিয়ক সকলৰ খবৰ লোৱা নাই বুলি অভিযোগ উঠিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
