– চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ আক্ষেপ
কোকৰাঝাৰ, ০৬ ডিছেম্বৰ (হি স)। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অতি ভিতৰুৱা অঞ্চল হিচাপে পৰিগণিত কুসুমবিল গাঁৱৰ একাংশ লোকে ফুল খেতিৰে স্বাৱলম্বী হোৱাৰ নিৰ্দশন দেখুৱাইছে। আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ পূৰ্বে কুসুমবিল গাঁৱৰ বাসিন্দা হৰিমোহন বিশ্বাস নামৰ যুৱকজনে প্ৰথমে গাঁও খনত ফুল খেতি আৰম্ভ কৰিছিল।
আৰম্ভণিতে যুৱকজনে ফুল খেতি কৰি লাভমান হোৱাত গাঁওখনৰ আন আন লোক সকলেও ফুল খেতিৰ প্ৰতি আকৃষ্ট হৈ ফুলৰ খেতি কৰা আৰম্ভ কৰে। এতিয়া গাঁওখনৰ অধিকাংশ লোকে ফুল খেতি কৰি স্বাৱলম্বী হবলৈ সক্ষম হৈছে। গাঁওখনৰ বাসিন্দা ক্ৰমে হৰিমোহন বিশ্বাস, প্ৰসেনজিৎবিশ্বাস, বিপ্লৱ বিশ্বাস, অজিত বিশ্বাস, লিটন বিশ্বাস, ৰিপন বিশ্বাস, শিবু সৰকাৰ, দুলাল বিশ্বাস, ভুবন দাস, তাপস সৰকাৰ, নিৰঞ্জন বৰ্মন আদি কৰি ত্ৰিশৰো অধিক পৰিয়ালে দীৰ্ঘ দিনৰ পৰা ফুল খেতি কৰি আহিছে। লোক সকলে ডালিয়া, এষ্টাৰ,ডেণ্টাৰাজ,পিটুনীয়া, মেৰিগল্ড,ৱাইড মেৰিগল্ড, তামাম, ফেন্সি জেৰেনিয়াম, সিনেৰিয়া, বাৰভেনা, এণ্টোনিয়াম আদি বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি কৰে।
কুসুমবিলৰ ফুলৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিম বংগত চাহিদা যথেষ্ট। কিন্তু ফুলৰ সংৰক্ষণৰ ব্যৱস্থা নথকা আৰু উৎপাদিত ফুল সমূহ সৰবৰাহ কৰাৰ বাবে প্ৰয়োজনীয় বাহনৰ অভাৱত খেতিয়াবা লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰী ফালৰপৰা কোনো সুবিধা নোপোৱাৰ বাবে আক্ষেপ কৰি হৰিমোহন বিশ্বাসে কয় যে চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিলে আৰু অধিক লাভান্বিত হ’ব পাৰিলেহেতেন। চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে এই দৃষ্টি দিবলৈ আহ্বান জনাইছে কুসুমবিলৰ ফুল খেতিয়ক সকলে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
