
মৰিগাঁও, ২৩ জানুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ মায়ঙৰ পাতেকীবৰীত যোৱা কালি নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হয় মতলেপ আলী নামৰ লোক জনৰ ঘৰত।
নিমিষতে জুইত লেলিশিখাই চানি ধৰে সমগ্ৰ ঘৰত আৰু জুইত সম্পূৰ্ণৰূপে জাহ জাই দুটাকৈ ঘৰ।ইফালে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়। ৰাইজৰ সন্দেহ বৈদ্য়ুতিক বিজুতিৰ ফলতে জুইৰ সূত্ৰপাত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
