মৰিগাঁও, ০৭ অক্টোবৰ (হি.স.): মৰিগাঁৱৰ পৰা হাইজেক হোৱা ট্ৰাক এখনৰ সা-সামগ্ৰী উদ্ধাৰ কৰা হৈছে।দেৱবাৰ নিশা হাইজেক কৰা হৈছিল ট্ৰাক খন। মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই যোৱা কালি সোমবাৰে নিশা উদ্ধাৰ কৰে প্ৰায় দহ লাখ টকাৰ সামগ্ৰী।
জানিব পৰা মতে মৈৰাবাৰীৰ উৰল কটা গাঁৱৰ আলাল উদ্দীন আৰু গুলজাৰ হুছেইন নামৰ লোক দুজনৰ ঘৰত সামগ্ৰী খিনি উদ্ধাৰ হৈছে। সামগ্ৰী খিনি আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে আলাল উদ্দীন,গুলজাৰ হুছেইন আৰু ৰশিদুল ইছলাম নামৰ তিনি জনক আটক কৰিছে। ইফালে ইক্ৰামুল আৰু খাদিমূল ইছলাম নামৰ আন দুজন লোকে পলায়ন কৰিছে।
উল্লেখ্য যে দেওবাৰে নিশা গুৱাহাটীৰ পৰা বিএম ট্ৰান্সপৰ্টৰে নগাঁৱলৈ গৈ থকা অৱস্থাত ট্ৰাক সহ সামগ্ৰী খিনি হাইজেক কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
