ধেমাজি, ২৯ ডিছেম্বৰ ( হি স )। ৰাজ্যৰ সকলো জিলাৰ সমান্তৰাল ভাৱে ধেমাজি সদৰতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত কা বাতিল আৰু আইএলপি ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিনীয়া বিৰতিৰ পাছত পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।
বিজেপি চৰকাৰৰ হায় হায়, নৰেন্দ্ৰ মোদী গ”বেগ ধ্বনিৰে উত্তাল কৰি তোলে ধেমাজি নগৰ । যদি চৰকাৰে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন (কা) বাতিল আৰু আন্তঃজিলা ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰে তেন্তে ৰাজ্যত পুনৰ গণ আন্দোলনৰ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
