বঙাইগাঁও, ১৩ নৱেম্বৰ (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীত দীপাৱলীৰ নিশা মাটিৰ চাকিৰ পোহৰত উজ্বলি উঠিল সুধাকন্ঠ। বিগত ১২ বছৰৰ দৰে অভয়াপুৰী পিৰাধৰাত অঞ্চলটোৰ যুৱক সকলৰ উদ্যোগত দীপাৱলীৰ দিনটোত বিভিন্ন বিষয় অথবা বিশ্ববিশ্ৰুত এগৰাকী ব্যক্তিক আৰ্হি হিচাপে লৈ মাটিৰ চাকিৰ পোহৰৰে উজ্বলাই তোলাৰ প্ৰচেষ্টা এইবেলিও অব্যাহত ৰাখিছে।
এইবাৰ মাটিৰ চাকিৰ পোহৰৰে পিৰাধৰাৰ যুৱক সকলে অভয়াপুৰী বুঢ়ী আইৰ থানৰ প্ৰাংগণত সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন কৰি প্ৰায় ৬ হেজাৰ মাটিৰ চাকিৰ পোহৰৰে উজ্বলাই তোলাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য চাবলৈ জিলাখনৰ লগতে জিলা খনৰ বাহিৰৰ বহু দৰ্শনাৰ্থীৰ সমাগম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
