তামুলপুৰ, 21 জুলাই (হি.স.)।গ্ৰীষ্মপ্ৰৱাহে দহিছে সকলোকে ৷ আনকি জৈৱ বৈচিত্ৰলৈও আনিছে ভাবুকি ৷ তথাপি উৎকট গৰমৰ পৰা হাত সাৰিবলৈ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ডোঙাৰগাঁও-বিমলানগৰত পাহাৰৰ পৰা নামি অহা এটা গজৰাজৰ জাকে কৰা জলকেলীৰ দৃষ্টিনন্দন পৰিবেশে আপ্লুত কৰিছে প্ৰত্যক্ষদৰ্শীক ।
গৰমৰ দিনত এনেদৰে পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে পাহাৰৰ নামনিত অৱস্থিত এটি পুখুৰীৰৰ পানী জুৱলীত নামি জলকেলি কৰাৰ উপৰিও তৃষ্ণা নিবাৰণ কৰিবলৈ অহা দৃশ্য বন্দী হৈছে।
উল্লেখ্য যে, প্ৰতি বাৰেই গৰমৰ এই সময়ছোৱাত পাহাৰৰ পৰা নামি আহি বন্য হস্তীৰ জাকে অঞ্চলটোৰ এই স্থানত জলকেলি কৰা দেখা যায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
