ৰায়পুৰ, ২১ জুলাই (হি.স.)। ছত্তীশগড়ৰ ৰায়পুৰৰ বলবীৰ সিং জুনেজা ইনড’ৰ ষ্টেডিয়ামত ১৬ জুলাইৰ পৰা ২০ জুলাইলৈ অনুষ্ঠিত হোৱা ছিনিয়ৰ নেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰাজ পাণ্ডেয়ে সুন্দৰ প্ৰদৰ্শন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত দেশৰ সকলো ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
বাৰাণসীস্থিত আৰ বি মাৰ্শ্বেল আৰ্টছ একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ৰাজ পাণ্ডেই ৬৩.৫ কেজি পুৰুষৰ ছিনিয়ৰ ওজন শাখাত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি পদক লাভ কৰে। তেওঁৰ প্ৰশিক্ষক অৰবিন্দ কুমাৰ যাদৱে কয় যে ৰাজৰ এই প্ৰদৰ্শন তেওঁৰ কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু কাৰিকৰী দক্ষতাৰ ফল।
এই সাফল্যৰ ওপৰত উত্তৰ প্ৰদেশৰ কিকবক্সিং এছ’চিয়েশ্যনৰ সভাপতি অৰবিন্দ শ্বেৰৱালিয়াই ৰাজ পাণ্ডেক অভিনন্দন জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি কয় যে এই সফলতাই উত্তৰ প্ৰদেশৰ খেলুৱৈসকলৰ প্ৰতিভা আৰু যুঁজাৰু মনোভাৱক প্ৰতিফলিত কৰিছে। আমি নিশ্চিত যে অনাগত বছৰবোৰত ৰাজে আৰু অধিক উচ্চতা স্পৰ্শ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
