গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰাক্তন সাংসদ ড০ ৰাজদ্বীপ ৰায়ৰ জন্মদিনৰ শুভেচ্ছা জনায়।
শিলচৰৰ সাংসদ হিচাপে থকা কালত ড০ ৰয়ে চহৰখনৰ উন্নয়নক আগুৱাই নিয়াৰ বাবে অক্লান্তভাৱে কাম কৰিছিল বুলি মুখ্যমন্ত্রী শৰ্মাই উল্লেখ কৰে ৷ তেওঁ লগতে উল্লেখ কৰে যে ড° ৰায় বৰ্তমান ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি বৃদ্ধিৰ কামত নিয়োজিত হৈ আছে।
ডাঃ শৰ্মাই মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰতো ড০ ৰয়ৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
