
কামৰূপ, ১১ জানুৱাৰী (হি.স.): পদুলি মুখ আহি পাইছেহি ভোগালী বিহু । ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ব্যস্ততাৰ অন্ত নাই অসমীয়াৰ । পুৰুষ মহিলা সকলো ব্যস্ত হৈ পৰে বিহুক আদৰিবলৈ ।
ৰাজ্য়ৰ আন আন প্ৰান্তৰ দৰেই কামৰূপৰ চাংসাৰিৰ সমীপৱৰ্তী আঠিয়াবৈ গাঁৱতো দেখা গৈছে পুৰুষ মহিলা সকলোৰে ব্যস্ততা । ভোগালী বিহুৰ পিঠা বনোৱাত ব্যস্ত জীয়ৰী বোৱাৰী সকলোৱে । নিজৰ ঘৰৰ বাবে পিঠা বনোৱাৰ উপৰিও গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভোগালী মেলাৰ বাবেও প্ৰস্তুত কৰিছে বিভিন্ন ধৰনৰ পিঠা পনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
