কামৰূপ, ১১ আগষ্ট (হি.স.): কামৰূপ জিলাৰ কমলপুৰৰ পুঠিমাৰীত যোৱাকালি দেওবাৰে বিয়লি এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । পুঠিমাৰী নৈত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহতো ।
প্ৰায় ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি জনৰ পিন্ধনত গেঞ্জী আৰু ধুতি আছিল । মৃতদেহৰ পৰিচয় বৰ্তমান লাভ কৰা নাই । ঘটনা স্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
