বিশ্বনাথ, ১৩ ছেপ্তেম্বৰ (হি.স.)। গহপুৰত কালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাইক আৰু স্কুটিৰ মাজত মুখামুখী সংঘৰ্ষ ৷ ভুল দিশৰ পৰা অহা এএছ-৩২-৬৬৯৩ নম্বৰৰ এখন বাইকে বিপৰিত দিশৰ পৰা অহা এএছ-৩২এ-৭৩৮১ নম্বৰৰ স্কুটিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷
স্কুটিত অহা এগৰাকী মহিলা আৰু বাইকত অহা দুজন যুৱক গুৰুতৰ ভাবে আহত হয় ৷ আহত তিনিজনক গহপুৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
