যোৰহাট,। যোৰহাট জিলাৰ মৰিয়নীৰ নকচাৰীত এটা সুদখোৰ আটক হৈছে।মৰিয়নিৰ দেৱেৰাপাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে নকচাৰীৰ তিৰুৱালৰ বিমান হাজৰিকা নামৰ সুদখোৰটোক।
অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি সুদৰ ৰমৰমীয়া বেহা চলাই আহিছিল বিমান হাজৰিকাই। আটছাই দেবেৰাপৰা আৰক্ষী চকীত সুদখোৰতোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ নকছাৰি তিৰুৱাল অঞ্চলৰ বহু পৰিয়ালক টকা সুদত দিয়া নামত যাৱতীয় নথিপত্ৰ জব্দ কৰি ৰাখিছিল বিমান হাজৰিকাই৷ আৰক্ষীয়ে বিমান হাজৰিকাৰ ঘৰৰ পৰা জব্দ কৰিছে বহু পৰিয়ালৰ বেংক পাছবুক এটিএম কাৰ্ড পান কাৰ্ডকে ধৰি বহু নথিপত্ৰ ৷
