ধুবুৰী, ০৯ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিভিন্ন ঠাইত জুৱাৰ বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ মাজতে গৌৰীপুৰৰ বৰাইবাৰীত যোৱা কালি সোমবাৰে সন্ধিয়া জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়।
এই অভিযানত নগদ ধন, সাতটা মোবাইল, তাচপাত জব্দ কৰাৰ লগতে সাতজনকৈ জুৱাৰীক আটক কৰা হৈছে । উল্লেখ্য় যে বৰাইবাৰী চতুৰ্থ খণ্ড গাঁৱৰ জুৱাৰ আড্ডাত গৌৰীপুৰ আৰক্ষীয়ে এই অতৰ্কিত অভিযান চলাইছিল । অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰাই জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰৰ কোঠালিত চলি আছিল জুৱাৰ আড্ডা। এই সন্দৰ্ভত সাতজনকৈ জুৱাৰীক আটক কৰাৰ লগতে আন আন সামগ্ৰী জব্দ কৰা হৈছে। আটকাধীন জুৱাৰী কেইটা ক্ৰমে দিলোৱাৰ আলী, সফিজুৰ ৰহমান, ৰেজাউল খান, এলিয়াছ ৰহমান, সপিউৰ ৰহমান আলী হুছেইন, আৰু অকতাৰ হুছেইন বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
