নগাঁও, ১৭ আগষ্ট (হি.স.)। নগাঁও জিলাৰ ৰহাৰ পশ্চিম শালমৰাত যোৱা কালি শনিবাৰে নিশা ৰাষ্ট্ৰীয় পথৰ ওপৰত এক দুৰ্ঘটনা সংঘটিত হয় ৷ অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী বাইক আৰোহী৷ আহত লোকজনকো চিনাক্ত কৰিব পৰা হোৱা নাই৷
নম্বৰ প্লেটবিহীন এখন বাইকেৰে নগাঁও অভিমুখে গৈ থকা অৱস্থাত লোকজনক পশ্চিম শালমৰাত পিচফালৰ পৰা অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়৷ ফলত গুৰুতৰভাৱ আহত হয় অচিনাক্ত লোকজন৷ প্ৰচণ্ড শব্দ শুনি স্থানীয় লোক ওলাই আহে আৰু পথত পৰি থকা লোকজনক পৰিচৰ্যা কৰি ততাতৈয়াকৈ ১০৮সেৱাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
