
নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। বিত্তীয় সেৱা বিভাগ (ডিএফএছ)ৰ সচিব এম নাগৰাজুকে কয় যে ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)সমূহ অস্তিত্ব তথা স্থিৰতাৰ দৌৰৰ পৰা আগবাঢ়ি গৈছে আৰু এতিয়া ‘উন্নত ভাৰত ২০৪৭’ত শ্ৰীবৃদ্ধি, উদ্ভাৱন তথা নেতৃত্বৰ বিশাল ভূমিকা পালন কৰিবলৈ সাজু হৈ পৰিছে। শনিবাৰে গুৰুগ্ৰামত দুদিনীয়া পি এছ বি মন্থন ২০২৫ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় বিত্ত সেৱা সচিব নাগাৰাজুৱে। পি এছ বি মন্থন কাৰ্যসূচীত ভাষণ দি নাগাৰাজুৱে ৰাজহুৱা খণ্ডৰ বেংকসমূহক বিশ্বজুৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আকাংক্ষা কৰিবলৈ কয়। ভাষণত তেওঁ শাসন ব্যৱস্থা আৰু কাৰ্য্যকৰী নমনীয়তা শক্তিশালী কৰাৰ লগতে পৰম্পৰাগত আৰু উদীয়মান উদ্যোগসমূহত তেওঁলোকৰ ভূমিকা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বিত্তীয় সেৱা বিভাগে আয়োজন কৰা ‘পিএছবি মন্থন ২০২৫’ৰ বিষয়বস্তু হৈছে উন্নত ভাৰতৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকিং পুনৰ কল্পনা কৰা। ৰাজহুৱা খণ্ডৰ বেংকৰ জ্যেষ্ঠ বিষয়া, নিয়ন্ত্ৰক, উদ্যোগ বিশেষজ্ঞ, শিক্ষাবিদ, প্ৰযুক্তিবিদ আৰু বেংকিং পেছাদাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত গ্ৰাহকৰ অভিজ্ঞতা, শাসন, উদ্ভাৱন, ঋণ বৃদ্ধি, বিপদ ব্যৱস্থাপনা আৰু প্ৰযুক্তি আধুনিকীকৰণৰ বিষয়ে আলোচনা কৰা হয়।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিশিষ্ট বক্তাসকলৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপ-গভৰ্ণৰ স্বামীনাথন জে; দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰন; ছেবিৰ প্ৰাক্তন অধ্যক্ষ এম. দামোদৰণ, আইআৰডিআইৰ প্ৰাক্তন অধ্যক্ষ দেৱাশিশ পাণ্ডা, আৰ বি আইৰ প্ৰাক্তন উপ-গভৰ্ণৰ আৰ গান্ধী, এন এছ বিশ্বনাথন আৰু এম কে জৈন আৰু এছ বি আইৰ প্ৰাক্তন অধ্যক্ষ ৰজনীশ কুমাৰ আৰু দীনেশ কুমাৰ খাৰা তথা বিত্তীয় খণ্ড, উদ্যোগ, শিক্ষা আৰু প্ৰযুক্তিৰ কেইবাজনো বিশিষ্ট নেতা উপস্থিত আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
