বিশ্বনাথ, ২০ আগষ্ট (হি.স.)। সমাগত বিটিআৰ নিৰ্বাচন। এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলেই বিটিচি অঞ্চলত চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও প্ৰত্যেক দিনাই এতিয়া প্ৰচাৰ চলোৱা দেখা গৈছে।
আজি গহপুৰত হাগ্ৰামা মহিলাৰীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ । নিজ ভাষণত আজি প্ৰমোদ বড়োক তুলাধূনা দিয়ে হাগ্ৰামাই । এনেদৰে এতিয়া তুংগত উঠিছে বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ নতুনকৈ বিটিআৰ ৰ সীমা গহপুৰলৈ সম্প্ৰসাৰিত হোৱাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে গহপুৰ বৰপুখুৰীত একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে ৷ বিপিএফ ৰ ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী ফ্ৰেচ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফ প্ৰধান জনে ৷
নিৰ্বাচনী জন সভা খনত হাগ্ৰামাই সমালোচনা কৰি কয় ইউ পি পিএল প্ৰতিটো ক্ষেত্ৰতে বিফল হৈছে সেয়ে এইবাৰ ৰাইজে বিপিএফ ক বিটিআৰ গঠনৰ বাবে জন সমৰ্থন দিব ৷ সভাৰ অন্তত সাংবাদিকৰ হোৱা কথা বাৰ্তাত মহিলাৰীয়ে দাবী কৰে এইবাৰ অকলে BPFয়ে BTRত চৰকাৰ গঠন কৰিব ৷ বিটিআৰ নিৰ্বাচনত ইউ পি পি এল থাকিব শেষৰ স্থানত ৷ বিটিআৰত বিজেপিৰ কোনো অস্তিত্ব নাই ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
