
দক্ষিণ শালমাৰা মানকাচৰ, ০৮ আগষ্ট (হি.স.): ভাৰত বাংলাদেশ সীমান্ত কালিৰ আলগাৰ সীমান্ত পথ খহনীয়াৰ বাবে যিকোনো মূহুৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে । ফলত অঞ্চল জুৰি আতংকিত হৈ পৰিছে ৰাইজ। বাহ আৰু জিও বেগৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ সম্ভৱ নহয় বুলি মন্তব্য কৰে সচেতন মহলে।
ভাৰত বাংলাদেশ সীমান্ত কালিৰ আলগা আৰু কোকৰাডাংঙাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ ফলত সীমান্ত পথৰ নিচেই ওচৰত মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন আহি পাইছে । স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ ফলত সীমান্ত পথটো যিকোনো মূহুৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে। ইয়াৰ ফলত জিলা খনৰ সদৰ হাটশিঙিমাৰীৰ আধা অঞ্চল ব্ৰক্ষ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হ’ব সেয়া নিশ্চিত বুলি সচেতন ব্যক্তি সকলে সাংবাদিকৰ আগত মন্তব্য কৰে। সেয়েহে এই ঠাই খিনি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰা ৰক্ষা কৰিবলৈ হ’লে বল্ডাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। কিন্তু জলসম্পদ বিভাগটো স্থায়ীভাৱে বল্ডাৰৰ ব্যৱস্থা নকৰি বাহ আৰু জিও বেগৰ দ্বাৰা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাই আছে। ইয়াৰ দ্বাৰা স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
