দৰং, ২৩ নৱেম্বৰ (হি.স.)। শীতৰ আগমনৰ লগে লগে বহু পৰিভ্ৰমী চৰাইৰ বসতিস্থলত পৰিণত হৈছে ছিপাঝাৰৰ দেওমৰনৈৰ এটি ঐতিহাসিক পুখুৰী।ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ কলৰৱৰে মুখৰিত হৈছে এই ৰজাদিনীয়া পুখুৰীটো।
শেহতীয়াভাবে ছোৱামফেন নামৰ এবিধ বিদেশী পক্ষীৰ বিচৰণে নান্দনিক পৰিবেশৰ সৃষ্টি কৰিছে। এই পৰিভ্ৰমী চৰাইবিধ চাবলৈ এতিযা পুখুৰীটোৰ পাৰলৈ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে স্থানীয় লোক তথা সেই অঞ্চলেৰে যোৱা লোকসকল। কোনোবাই বিদেশী আলহী পক্ষীটোৰ ফটো নিজ কেমেৰাত বন্দী কৰাৰ লগতে আন কোনোবাই পক্ষীটোৰ সৈতে ছেলফী উঠিছে। মুঠৰ ওপৰত এতিয়া ছোৱামফেন চৰাইবিধক চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।ী
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
