বঙাইগাঁও, ১৮ অক্টোবৰ : বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকানাবাৰীত মঙলবাৰে সন্ধিয়া বন বিভাগৰ অভিযানত উদ্ধাৰ কৰা হয় এটি দুষ্প্ৰাপ্য দুৰা কাছ । সচেতন নাগৰিকৰ খৱৰৰ ভিত্তিত উদ্ধাৰ এটি দুষ্প্ৰাপ্য দুৰা কাছ।
ঢাকানাবাৰীৰ পুণি মণ্ডল নামৰ এগৰাকী ব্যক্তিয়ে দুৰা কাছটো নিজৰ বাসগৃহত পঞ্চগাঁও শিলঘাগিৰিৰ পৰা লৈ গৈ ৰাখিছিল বুলি জানিব পাৰি ৰাখালঠাকুৰ বন শিৱিৰৰ ভাৰপ্ৰাপ্ত বন বিষয়া বসন্ত কলিতাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে উদ্ধাৰ কৰে দুৰা কাছটো। ইতিমধ্যে দুৰা কাছটো অভয়াপুৰী বন সংমণ্ডল বিষয়াক গতাই দিয়াৰ কথা জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।
