
কাৰ্বিআংলং, ২০ নৱেম্বৰ (হি.স.)। আজি ৰাতিপুৱা উদয় হোৱা সূৰ্যক অৰ্ঘ্য দি তিনি দিনীয়া মহাপৰ্ব ছট পূজা সম্পন্ন হয়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিতো হৰ্ষ উলাহত মাজত উদযাপন হৈ আজি ৰাতিপুৱা সম্পন্ন হয়, সূৰ্য্য ষষ্ঠী মহোৎসৱ ছট পূজা। তিনি দিন ধৰি ভক্তসকলে উপবাহ থাকে আৰু মহিলাসকলে ঘৰত বিভিন্ন ধৰণৰ পিঠা প্ৰস্তুত কৰে।
এই পূজাত প্ৰায় ফলমূল বোৰ একগোট কৰি পূজাৰ প্ৰসাদৰ তৈয়াৰ কৰা হয়।খেৰণিৰ কপিলী নদীৰ পাৰ ঘাটত সূৰ্য্য ষষ্ঠী উদযাপন সমিতিৰ উদ্যোগত সূৰ্য্য ষষ্ঠী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ছট পূজা। ছট পূজাত ৰাতিপুৱা প্ৰায় 2টা বজাৰ হোৱাৰ লগে লগে খেৰণি অঞ্চলৰ বিভিন্ন গাওঁৰ পৰা হাজাৰ হাজাৰ ভক্ত সকলে নিজৰ নিজৰ প্ৰসাদৰ পাচি লৈ ছট ঘাটত আহি পায় আৰু ছট বেদীত পাচি থৈ উদয় হোৱা সূৰ্য্যক পূজা অৰ্চনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
