গোৱালপাৰা, ১০ জানুৱাৰী (হি স)। গোৱালপাৰাৰ পঞ্চৰত্নত গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলাইছে। এই অভিযানত অৰ্ধশতাধিক বাসগৃহ উচ্ছেদ কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত আৰু পঞ্চৰত্ন পাহাৰৰ কাষত বসবাস কৰা লোক সকলক উচ্ছেদ চলাইছে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
