হোজাই প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন । এইক্ষেত্ৰত গাঁৱে–ভূঞে চহৰ–নগৰ আদি দিন ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থীসকলে নেতা কৰ্মীক লৈ চলাইচে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে সোমবাৰে নিশা লামডিং বজাৰত উপস্থিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজ’লীন তিৰ্কী।
লামডিং বজাৰৰ প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ দোকানে দোকানে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । উল্লেখ্য় যে কামাখ্যা প্ৰসাদ তাছাৰ হৈ লামডিঙত বিশাল জন সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা বিপৰীতে নিশা বজাৰৰ ব্যৱসায় সকলক ভোট বিচাৰি আহিল কংগ্ৰেছ প্ৰাৰ্থী ৰজ’লীন টিৰ্কী। জনসভাৰ পৰিৱৰ্তে কংগ্ৰেছৰ নেতা কৰ্মীকে ধৰি ৩০ – ৩৫ জনসমর্থকক লগত লৈ দোকানে দোকানে গৈ গৈ ভোট বিচাৰিছে কংগ্রেছ প্রার্থী গৰাকীয়ে। আনফালে প্ৰচাৰৰ চলোৱা সময়তে বজাৰৰ পানিপুৰি দোকানত ফুচকাৰ সোৱাদ লোৱাও দেখা গৈছে ৰজলীনাক।
