নতুন দিল্লী, ১৩ ডিছেম্বৰ (হি.স.)। প্ৰায় দুটা দশক পূৰ্বে দেশৰ সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত শ্বহীদ হোৱা নিৰাপত্তাৰক্ষীক আজি (বুধবাৰে) ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ মন্দিৰটো ২০০১ চনৰ ১৩ ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত সংসদ ভৱনৰ ৰক্ষী আৰু দিল্লী আৰক্ষীৰ জোৱানকে ধৰি মুঠ ৯ জন নিৰাপত্তাৰক্ষী শ্বহীদ হয়।
ঠিক বাইশ বছৰ আগতে ১৩ ডিছেম্বৰত এখন বগা এম্বেচাডৰ লৈ সংসদ কমপ্লেক্সত প্ৰৱেশ কৰা পাঁচজন সন্ত্ৰাসবাদীয়ে ৪৫ মিনিটত গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ মন্দিৰত গুলীবৰ্ষণ কৰি সমগ্ৰ ভাৰতবৰ্ষক স্তম্ভিত কৰি তুলিছিল। অৱশেষত কেইবাঘণ্টা ধৰি চলি থকা এনকাউণ্টাৰত পাঁচোটা সন্ত্ৰাসবাদী নিহত হয়।
ভাৰতীয় জনতা পাৰ্টিয়ে আজি পুৱা নিজৰ অফিচিয়েল এক্স হেণ্ডেলত সংসদ ভৱন আক্ৰমণৰ সময়ত প্ৰাণ আহুতি দিয়া দেশৰ এই বীৰ জোৱানসকলৰ বীৰত্ব আৰু ত্যাগক স্মৰণ কৰি এটা চিত্ৰাঙ্কিত পোষ্ট আপলোড কৰিছে। কালিৰ এই ছবিখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূৰ দোৱাই এই বীৰসকলক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। বিজেপিয়ে লিখিছে – ‘গণতন্ত্ৰৰ সৰ্ববৃহৎ মন্দিৰৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰত মাতৃৰ অমৰ পুত্ৰসকলৰ প্ৰতি আৱেগিক শ্ৰদ্ধাঞ্জলি।’
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
