গুৱাহাটী, ১৪ নৱেম্বৰ (হি.স.)। ৰে‘ল যাত্ৰীৰ বাবে আৰাম আৰু উন্নততৰভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ এক প্ৰয়াস ৰূপে, ভাৰতীয় ৰেলৱেই ৰে’ল নং. ১৩১৭৩/১৩১৭৪ (শিয়ালদহ – ছাব্ৰুম) আৰু ১৩১৭৫/১৩১৭৬ (শিয়ালদহ – শিলচৰ) কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ বিদ্যমান পৰম্পৰাগত আইচিএফ ডবাসমূহৰ পৰিৱৰ্তে আধুনিক লিংকে হফমেন বুছ (এলএইচবি) ৰেক প্ৰৱৰ্তন কৰিব। এই উন্নীতকৰণ কৰা ৰেকসমূহ যথাক্ৰমে ২৮ আৰু ২৯ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।
কাঞ্চনজঙ্ঘা এক্সপ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক পূৰ্ব ভাৰতৰ সৈতে সংযোগ কৰাত এক গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ হিচাপে কাম কৰে, যি যাত্ৰীৰ সুগম চলাচল সুনিশ্চিত কৰাৰ লগতে ই অতিক্ৰম কৰা ৰাজ্যসমূহৰ মাজত আৰ্থ-সামাজিক একত্ৰীকৰণক প্ৰসাৰিত কৰে। পৰম্পৰাগত আইচিএফ ডবাৰ পৰিৱৰ্তে আধুনিক লিংকে হফমেন বুছ (এলএইচবি) ডবাৰ প্ৰৱৰ্তনে ৰে’লৰ আধুনিকীকৰণত এক উল্লেখযোগ্য অগ্ৰগতিক চিহ্নিত কৰিছে। এই অত্যাধুনিক ডবাসমূহত উন্নততৰ সুৰক্ষা সুৱিধা আছে, য’ত এন্টি টেলিস্ক’পিক ডিজাইন অন্তৰ্ভুক্ত আছে যি সংঘৰ্ষৰ সময়ত প্ৰভাৱ হ্ৰাস কৰে। যাত্ৰীসকলে উন্নত ছাচপেনছন ব্যৱস্থাৰ জৰিয়তেঅধিক আৰাম প্ৰাপ্ত কৰিব যি অধিক সুগম আৰু সুস্থিৰ ভ্ৰমণ নিশ্চিত কৰিব। তদুপৰি, এলএইচবি ডবাসমূহে উচ্চ পৰিচালন গতিবেগক সমৰ্থন কৰে আৰু নান্দনিকভাৱে অধিক পৰিমাৰ্জিত অভ্যন্তৰীণ ডিজাইন ইয়াত অন্তৰ্ভূক্ত থাকে, যি যাত্ৰাৰ দক্ষতা আৰু সামগ্ৰিক যাত্ৰীৰ অভিজ্ঞতা উভয়কে উন্নততৰ কৰি তোলে।
নৱপ্ৰৱৰ্তিত এলএইচবি ৰেকত পাঁচটা এচি ৩-টায়াৰ ডবা, এটা এচি ২-টায়াৰ ডবা, নটা শ্লীপাৰ ক্লাছ ডবা আৰু চাৰিটা সাধাৰণ আসনৰ ডবা থাকিব, যি বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে সুষম আৱাসনৰ ক্ষমতা নিশ্চিত কৰিব।
এই পদক্ষেপে ভাৰতীয় ৰেলৱেৰ যাত্ৰী সেৱাসমূহত বিশ্বমানৰ যাত্ৰা অভিজ্ঞতা প্ৰদানৰ অবিৰত প্ৰয়াসকে প্ৰতিফলিত কৰিছে। ইয়াৰ ৰোলিং ষ্টকৰ আধুনিকীকৰণৰ জৰিয়তে, ভাৰতীয় ৰেলে যাত্ৰীৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা আৰু প্ৰত্যাশা পূৰণ কৰাৰ লগতে যাত্ৰাৰ সামগ্ৰিক মানদণ্ড উন্নত কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰিছে।
কাঞ্চনজঙ্ঘা এক্সপ্ৰেছত নতুন এলএইচবি ৰেকৰ প্ৰৱৰ্তন কেৱল এক উন্নীতকৰণেই নহয়, বৰঞ্চ ৰে’ল সেৱাত উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি ভাৰতীয় ৰে’লৰ নিষ্ঠাৰেই স্পষ্ট নিদৰ্শন।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
