নলবাৰী, ১২ ডিচেম্বৰ (হি.স.)। মুকালমুৱাৰ লোহাৰকাঠাত কালি নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ড্ৰাগছ সহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক মুজাক্কিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।
এক গোপন সুত্ৰৰ পম খেদি আদাবাৰী আৰক্ষী আৰু মুকালমুৱা আৰক্ষীয়ে যৌথ অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী জন।ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ১৫.৬৩ গ্ৰাম ড্ৰাগছ আৰু নগদ ৮২৫১০ টকা জব্দ কৰিবলৈ সক্ষম হয় । ধৃত মুজাক্কিৰ হুছেইনে দীৰ্ঘদিন ধৰি আদাৰবাৰী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছসৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
