কোকৰাঝাৰ, ২৪ জুন (হি.স.)। বডোলেণ্ডৰ ভুমি সমস্যা সমাধান কৰিবলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰচেষ্টা আৰম্ভ কৰিছে। সোমবাৰে নিশা বডোফা নগৰস্থিত বি টি চি সচিবালয় প্ৰেক্ষাগৃহত বডোলেণ্ডৰ মুঠ ২৬ টা জনগোষ্ঠীৰ দল সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত। ঘন্টাজোৰা আলোচনাৰ অন্তত সংবাদ মেল সম্বোধন কৰে প্ৰমোদ বড়োৱে।
তেওঁ কয় যে বৈচুমুটী ১.০ ৰ পিছত বৈচুমুটী ২.০ ইতিমধ্যে বি টি আৰ চৰকাৰে ভুমি সমস্যা সমাধানৰ পথ হিচাপে অসমৰ ৰাজ্যপালৰ দ্বাৰা উন্মোচন কৰা হৈছে।বৈচুমুটী ১.০ ৰ জড়িয়তে অনলাইন যোগে ১ লাখ ৯০ হাজাৰ পৰিয়ালে ভুমি সংক্ৰান্তত আবেদন জনাইছিল। ইয়াৰে ১ লাখ ৭০ হাজাৰ পৰিয়ালক ভুমি সমস্যা অনলাইন যোগে সমাধান কৰা হৈছে।
অপলাইন যোগেদিও বহু পৰিয়াল আবেদন কৰিছে। মুঠ ৩ লাখ ২৩ হাজাৰ পৰিয়ালক ইতিমধ্যে বি টি আৰ চৰকাৰে ভুমি সমস্যা সমাধান কৰি দিয়া হৈছে। ২.০ ৰ জড়িয়তে বি টি আৰ চৰকাৰে প্ৰথম পৰ্যায়ত ৪৭ হাজাৰ ভুমিহীন পৰিয়ালক ভুমি স্থাপন (Settlement) দিয়া হব।
অহা জুলাই মাহত ভুমি সমস্যাৰ সংক্ৰান্তত প্ৰতিটো চক্ৰ (Circle)ত সজাগতা সভা অনুষ্ঠিত হব। বি পি এফৰ চৰকাৰৰ সময়ত মাথোঁ ১৬০০ পৰিয়ালক ভুমি সমস্যা সমাধান কৰি থৈ গৈছে।
বডোলেণ্ডত ভুমিকলৈ যাতে কোনোধৰণৰ সংঘাত সৃষ্টি নহয়, ভুল বুজাবুজি নহয় আৰু ভুমিকলৈ ৰাজনীতি কৰিব নোৱাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি ভুমি সমস্যা সমাধান কৰিবলৈ বি টি আৰ চৰকাৰে আগবাঢ়িছে। বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা বাবে বডোলেণ্ডৰ বিভিন্ন ছাত্র আৰু জাতীয় সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
