গোলাঘাট, ২৯ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নৈৰ দলঙত যোৱা কালি দেওবাৰে নিশা এখন বলেৰ’ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই ঘটনাত থিতাতে নিহত হয় মটৰচাইকেল আৰোহী নৰেছ মালা ওৰফে লাডু নামৰ লোকজন।
জানিব পৰা মতে এএছ-০৫ তি-৫৮৮৩ নম্বৰৰ বলেৰ’ আৰু এএছ-০৩ জে ৪৫৬০ নম্বৰৰ মটৰ চাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘর্ষ। নৰেছ মালাৰ ঘৰ তেলগৰম-আমলখিতলত আৰু বলেৰ’খন অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
