
শিৱসাগৰ, ১৫ নৱেম্বৰ (হি.স.): ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নাজিৰা। ইয়াৰ মাজতে যোৱা কালি শুকুৰবাৰে সন্ধিয়া নাজিৰাৰ সমীপৰ চূণপোৰাত ড্ৰাগছ সহ এজনক আটক কৰা হয় ৷ শিৱসাগৰ জিলাৰ চূণপোৰা তিনিআলিৰ পানীদুৱাৰ মুখত শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, চেৰেকাপাৰৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লৱন বৰুৱাৰ নেতৃত্বত গোপন সূত্ৰে ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ফাৰহান আলি বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১১.৬৩গ্ৰাম ড্ৰাগছসহ নগদ ১০,৪০০টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ফাৰহান আলিক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত আৰক্ষী বাহিনীক কঠোৰ হ’বলৈ আৰু ড্ৰাগছৰ ঘাটি উৎসাত কৰিবলৈ সচেতন মহলে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
