
গোলাঘাট, ১৬ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ পাৰ্শ্বৱতী ৩ নং ভোলাগুৰিত কালি সন্ধিয়া বানপানীত ডুবি এজন লোকৰ সলিল সমাধি ঘটে । মৃত লোকজনৰ নাম দুলু দত্ত।
বৰ্তমান লোকজনক পানীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্হা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
