কাজিৰঙা, ১৩ জুলাই (হি.স.)। অনাগত দিনত কাজিৰঙাত পৰ্যটকৰ বাবে ব্যৱহাৰ হ’ব বিদ্যুত চালিত বাহন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিৱেশ অনুকুল বাতাৱৰণ অটুত ৰাখি পৰ্যটকে যাতে ছাফাৰী কৰিব পাৰে তাৰেই পৰিকল্পনা আৰম্ভ কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা মতে বিভাগীয় ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত টাটা মটৰ্চৰ পৰা কেইবাখনো বিদ্যুৎ চালিত বাহন অস্থায়ী ভাৱে প্ৰদান কৰিছে ৷
সম্প্ৰতি এই বাহন সমূহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত অসুবিধা নোহোৱাকৈ চলাচল কৰিছে ৷ কিন্তু পৰ্যটকৰ বাবে ব্যৱহাৰৰ ক্ষেত্ৰত নিৰাপত্তাৰ দিশত উপযুক্ত হয় নে নহয় সেয়া পৰীক্ষা কৰাৰ পাছতহে নিৰ্ণয় কৰিব পৰা যাব ৷ তদুপৰি বৰ্তমান চৰি থকা জীপছী সমূহৰ একাংশ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷ গতিকে জীপছী সমূহক বিদ্যুত চালিত বাহনলৈ ৰূপান্তৰিত কৰিব পৰা হয় নেকি তাৰো পৰীক্ষা কৰাৰ কথা প্ৰকাশ কৰে সঞ্চালক গৰাকীয়ে ৷ তদুপৰি বিদ্যুৎ চালিত বাহন যাতে কম মূল্যক ক্ৰয় কৰিব পৰা হয় তাৰো আলোচনা বিলোচনা আৰম্ভ কৰিছে চৰকাৰে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
