তামুলপুৰ, ২০ আগষ্ট (হি.স.): তামুলপুৰ জিলাৰ গোৰেশ্বৰ জ্যোতিনগৰত যোৱাকালি বিয়লি ৰুদ্ৰাক্ষ ক্লাবৰ উদ্যোগত আয়োজন কৰা দিবা নৈশ প্ৰাইজমানী কেৰেম প্ৰতিযোগিতা মুকলি কৰে বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়োৱে। প্ৰতিযোগিতা মুকলি কৰি কয় ভৱিষ্যতে সমাজ খন ধৰি ৰাখিবলৈ যুৱ শক্তিয়েই মূল শক্তি ।
খেলৰ জৰিয়তে বন্ধুত্বৰ এনাজৰী সুদৃঢ় কৰিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লৈ কৃতজ্ঞতা জ্ঞাপন কৰে উদ্বোধক গৰাকীয়ে। আনহাতে খেল প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে তামুলপুৰ জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাসে। তেওঁ খেলৰ জৰিয়তে মৰম ,আন্তৰিকতা আৰু ভাতৃত্ব বোধৰ বান্ধোন সুদৃঢ় হৈ থাকে তাৰ কামনা কৰে। লগতে যুৱ শক্তিক খেলৰ জৰিয়তে সম্পৃক্ত কৰি অসামাজিক কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে খেলে মানুহৰ শাৰিৰীক আৰু মানসিক বিকাশ সাধন কৰে বুলিও উল্লেখ কৰে ।
প্ৰতিযোগিতা মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰুদ্ৰাক্ষ ক্লাবৰ বিষয়ববীয়াৰ লগতে বিজেপিৰ বহু কেইজন নেতা কৰ্মী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
