নগাঁও, ০১ নৱেম্বৰ (হি.স.)। জুৱাৰ বিৰূদ্ধে ধাৰাবাহিক অভিযান জুৰীয়া আৰক্ষীৰ। জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযানত কালি নিশা পুনৰ জুৰীয়াৰ ফুৰহানিআটিত পৰা আটক এটা কুখ্যাত জুৱাৰী।
পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাতে হাতে লোটে আটক কৰিবলৈ সক্ষম হোৱা জুৱাৰীটোৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা সামগ্ৰী, এটা ম”বাইল ফোনৰ লগতে নগদ ধন জব্দ কৰে আৰক্ষীয়ে। কেবাটাও জুৱাৰী পলাই যাবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ ফুৰহানিআটিত চলোৱা এই অভিযানত বদৰুল ইছলাম নামৰ জুৱাৰীটোক আটক কৰিবলৈ সক্ষম হয়।সম্প্ৰতি ধৃত জুৱাৰীটোক সোধা পোচা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
