গুৱাহাটী, ১৩ জুলাই (হি.স.)। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া নগালেণ্ডৰ পৰা অহা প্ৰায় শতাধিক ৰেফাৰী-কৰ্মকৰ্তাৰ অংশগ্ৰহনেৰে ( ১২ আৰু ১৩ জুলাইত) মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুনৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামস্থিত অসম টাইকোৱানডো একাডেমীত দুদিনীয়াকৈ আয়োজিত টাইকোৱানডোৰ কিউৰোগী ইভেণ্টৰ ৰাষ্ট্ৰীয় চেমিনাৰ আৰু ৰিফ্ৰেচাৰ পাঠ্যক্ৰম সফলতাৰে সামৰণি পৰিছে ।
টাইকোৱানডো ফেডাৰেচন অব ইণ্ডিয়াৰ (টি এফ আই ) তত্ত্বাৱধানত আৰু সদৌ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত অনুস্থিত দুদিনীয়া কাৰ্যসূচী সমগ্ৰ পৰিচালনা কৰে টি এফ আয়ে নিযুক্তি দিয়া আন্ত:ৰাষ্ট্ৰীয় কিউৰোগী ৰেফাৰী মিজোৰামৰ যোছেফ থানচাংগাই । সামৰণি অনুষ্ঠানত আটাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া, কোষাধ্যক্ষ প্ৰাঞ্জল বুঢ়াগোঁহাই আদি উপস্থিত থাকে । বর্তমান বিশ্ব টাইকোৱানডো সংস্থাই প্রতিযোগিতাৰ নিয়মাৱলীৰ ক্ষেত্ৰত বহুখিনি সংশুধনী কৰিছে। গতিকে এই নতুন নিয়মাৱলীৰ বিষয়ে আমাৰ ৰেফাৰী আৰু প্ৰশিক্ষকসকলক শিবিৰটোৰ জৰিয়তে অৱগত কৰোৱা হ’য় । চেমীনাৰ আৰু ৰিফ্ৰেচাৰ কৰ্চত অংশ গ্ৰহণ কৰা ৰেফাৰী আৰু প্ৰশিক্ষকসকলৰ পৰাই বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰতিযোগিতালৈ ৰেফাৰী তথা কৰ্মকৰ্তা বাচনি কৰা হ’ব বুলিও উদ্যোক্তা টি এফ আই আৰু আটাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
