
মৰিগাঁও, ৩০ ছেপ্টেম্বৰ (হি.স.): মায়ঙৰ আশীগড়ত যোৱাকালি সোমবাৰে বিয়লি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। তিনি কনমানিৰ পানীত পৰি সলিল সমাধি ঘটে। সমনীয়াৰ সৈতে বাঢ়নী পানীত গা ধুবলৈ যাওঁতেই সংঘটিত হয় কৰুণ ঘটনাটি।
সলিল সমাধি ঘটা শিশু তিনিটা ক্ৰমে তামজীনা (৬ বছৰ), শাহিনা (৯ ) আৰু মেহনাজ বেগম (৭) বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত মায়ং আৰক্ষী উপস্থিত হৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
