• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অসম সাহিত্য সভাই দেশে-বিদেশে বছৰজোৰা কাৰ্যসূচীৰে উদ্যাপন কৰিব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী
Regional

অসম সাহিত্য সভাই দেশে-বিদেশে বছৰজোৰা কাৰ্যসূচীৰে উদ্যাপন কৰিব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী

CliQ INDIA
Last updated: September 8, 2025 12:56 pm
CliQ INDIA
Share
8 Min Read
SHARE

– সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী কলাইগাঁৱত ৮ আৰু ৯ ছেপ্টেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশাল শুভ উদ্বোধনী অনুষ্ঠান

–পদুলিৰ মুখত কলপুলি ৰুই বন্তি জ্বলোৱাৰ আহ্বান সাহিত্য সভাৰ

শোণিতপুৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। অসম সাহিত্য সভাই স্বীকৃতিপ্রাপ্ত ৩৩ খন জিলা সভা আৰু প্রায় ১০০০ খন শাখা সাহিত্য সভাৰ জৰিয়তে ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ ৮ ছেপ্টেম্বৰৰ শুভাৰম্ভণী অনুষ্ঠান আৰু বছৰজোৰা শতবৰ্ষৰ ভিন্ন কার্যক্রম অসম সাহিত্য সভাই পালন কৰিব। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ দেশ-বিদেশে থকা শাখা সভাসমূহেও ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী উলহ-মালহেৰে পালন কৰিব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

সংবাদমেল সম্বোধন কৰি প্ৰধান সম্পাদক বৰাই লগতে কয়-ভাৰতৰ বাহিৰত উত্তৰ আমেৰিকা শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ আগষ্ট মাহত, মস্কোত অৱস্থিত ৰাচিয়া শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ জুলাই মাহত, গ্রেট ব্রিটেইন শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ জুন মাহত, ছুইজাৰলেণ্ড শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ মাৰ্চ মাহত, জার্মানী শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ এপ্রিল মাহত, ছিংগাপুৰ শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহত, দক্ষিণ আফ্ৰিকাৰ ৰামধেনু শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত আৰু কুৱেট শাখা সাহিত্য সভাই ২০২৬ বৰ্ষৰ মাৰ্চ মাহত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে অসম সাহিত্য সভাৰ তৰফৰ পৰা শাখা সভাসমূহলৈ আহ্বান জনোৱা হৈছে। ইতিমধ্যে বিদেশৰ শাখাসমূহে অসম সাহিত্য সভাৰ আহ্বানমর্মে এই কার্যসূচী পালনৰ বাবে সাজু হৈছে।

সাহিত্য সভাৰ লগত জড়িত ব্যক্তিসকলে অসম সাহিত্য সভাৰ লগত সঘনে যোগাযোগ ৰাখি কাৰ্যত অগ্ৰসৰ হৈছে। ইফালে ভাৰতবৰ্ষৰ ৰাজ্যসমূহতো ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে অসম সাহিত্য সভাই বিভিন্ন শাখা সভাসমূহৰ যোগেদি প্রস্তুতি কৰিছে। সেই অনুসৰি আহমেদাবাদ শাখা সাহিত্য সভাই অহা অক্টোবৰ মাহত, দিল্লী শাখা সাহিত্য সভাই নৱেম্বৰ মাহত, মেঘালয়ৰ শ্বিলং মুকুল সংঘই ডিচেম্বৰ মাহত, ত্ৰিপুৰাত নৱেম্বৰ মাহত, অৰুণাচল কামেঙত ডিচেম্বৰ মাহত, নগালেণ্ডৰ কহিমা শাখা সাহিত্য সভাত জানুৱাৰী মাহত, মুম্বাই স্বর্ণ শাখা সাহিত্য সভাত জানুৱাৰী মাহত, ক’লকতা শাখা সাহিত্য সভাত ফেব্ৰুৱাৰী মাহত আৰু উৰিষ্যা সাহিত্য সভাত মাৰ্চ মাহত আয়োজনৰ বাবে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে।

ইফালে অসমৰ ভূমিখণ্ডত থকা ৩৩ খন জিলা সাহিত্য সভাত বৰ্ষজোৰা কাৰ্যসূচীৰে প্ৰতিখন জিলাতে অসম সাহিত্য সভাই কেন্দ্রীয়ভাবে ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন কৰিব। সেই অনুসৰি ৫ নৱেম্বৰত মৃত্যু দিৱস শিৱসাগৰ জিলা সাহিত্য সভাৰ সহযোগত দিচাংমুখত সমন্বয় শাখা সাহিত্য সভাৰ যোগেদি পালন কৰিব। ইফালে অসম সাহিত্য সভাই যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত মালৌআলিত, মাজুলী জিলা সাহিত্য সভাৰ সহযোগত কমলাবাৰীত, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহযোগত বিহপুৰীয়াত, ধেমাজি জিলা সাহিত্য সভাৰ সহযোগত ধেমাজিত, বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত বিশ্বনাথত, শোণিতপুৰ জিলা সাহিত্য সভাৰ সহযোগত ঢেকীয়াজুলিত, গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত গোলাঘাটত, নগাঁও জিলা সাহিত্য সভাৰ সহযোগত শানলা চাহ বাগিচাত, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত সোণাপুৰত, কামৰূপ জিলা সাহিত্য সভাৰ সহযোগত কামৰূপত, নলবাৰী জিলা সাহিত্য সভাৰ সহযোগত নলবাৰীত, বৰপেটা জিলা সাহিত্য সভাৰ সহযোগত পাঠশালাত, বাক্সা জিলা সাহিত্য সভাৰ সহযোগত জালাহত, ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত বিলাসীপাৰাত, বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত অভয়াপুৰীত, কাছাৰ জিলা সাহিত্য সভাৰ সহযোগত শিলচৰত, হাইলাকান্দি জিলা সাহিত্য সভাৰ সহযোগত হাইলাকান্দিত, শ্রীভূমি জিলা সাহিত্য সভাৰ সহযোগত শ্রীভূমিত, চৰাইদেউ জিলা সাহিত্য সভাৰ সহযোগত নাজিৰাত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত চাবুৱাত, চিৰাং জিলা সাহিত্য সভাৰ সহযোগত ঢালিগাঁৱত, দৰং জিলা সাহিত্য সভাৰ সহযোগত দৰঙত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত বকলীয়াঘাটত, পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত বঠালংছত, ডিমাহাচাও জিলা সাহিত্য সভাৰ সহযোগত হাফলঙত, হোজাই জিলা সাহিত্য সভাৰ সহযোগত লামডিঙত, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত শদিয়াত, মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত বাৰপূজীয়াত, গোৱালপাৰা জিলা সাহিত্য সভাৰ সহযোগত দুধনৈত, কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সহযোগত কোকৰাঝাৰত অনুষ্ঠিত কৰা হ’ব।

৮ আৰু ৯ ছেপ্টেম্বৰত কলাইগাঁৱত জন্ম শতবৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠান:

অসম সাহিত্য সভাৰ উদ্যোগত ওদালগুৰি জিলাৰ শ্ৰীশ্ৰীগোবিন্দ মিশ্র শতদল শাখা সাহিত্য সভাৰ সহযোগত অহা ৮ আৰু ৯ ছেপ্টেম্বৰত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰিৰ কলাইগাঁও প্রগতিশীল জনমঞ্চৰ মুকলি সভাগৃহত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। সভাৰ দ্বাৰা ঘোষিত কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৭ বজাত বস্তি প্রজ্বলন কৰিব সমাজসেৱক প্রেমেশ্বৰ নাথে। ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব উত্তোলক শ্রীশ্রীগোবিন্দ মিশ্র সাহিত্য সভাৰ সভাপতি টংকেশ্বৰ ডেকাই। ৮-৪৫ বজা স্মৃতি তর্পণৰ কাৰ্যসূচীৰ ক্ৰমে বেদী উন্মোচন কৰিব আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি উপেন্দ্র চন্দ্র ডেকাই, মাল্যার্পণ কৰিব কলাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্রিয়ংকা বণিয়া আৰু মুখ্য তর্পণ কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বড়াই। ৯ বজাত গছপুলি ৰোপণ কৰিব অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী গুণেশ্বৰী ডেকা আৰু ভেৰগাঁওৰ ৰেচম অধীক্ষক ড° গুণমনি ডেকাই। ৯-১৫ বজাত গ্রন্থ বিপণি উদ্বোধন কৰিব ওদালগুৰি জিলা সাহিত্য সভা সভাপতি মঃ তজৰ আলী আহমেদে। ৯-৩০ বজাত ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী ধীৰাজ কলিতাই। বিয়লি ২ বজাত সম্বর্ধনা অনুষ্ঠান আৰু ৩ বজাত ভূপেন্দ্র সংগীতৰ আধাৰত নৃত্য প্রতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট নৃত্যশিল্পী কুশল ডেকাই। সন্ধিয়া ৭ বজাত ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবার্ষিকী উপলক্ষে এশগছি বন্তি প্রজ্বলন অনুষ্ঠানত বেদী উন্মোচন কৰিব কলাইগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি শৰৎ চন্দ্র বড়াই আৰু মুখ্য প্রজ্বলকৰূপে বন্তি প্রজ্বলন কৰিব অসম সাহিত্য সভাৰ মঙ্গলচণ্ডী ব্রহ্ম ভাষা শিক্ষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতাই।

৯ ছেপ্টেম্বৰৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন প্রতিযোগিতাৰ উদ্বোধন কৰিব চিত্রশিল্পী পুতুল নাথে। ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক লৈ হ’বলগা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব আদৰণী সমিতিৰ সভাপতি দিগন্ত বৰুৱাই। দিনৰ ১২ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা মুকলি অধিবেশন উদ্বোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে। সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব বিশিষ্ট শিল্পী, লেখক ড° লোকনাথ গোস্বামী আৰু নির্দিষ্ট বক্তাৰ ভাষণ প্রদান কৰিব ড° ভূপেন হাজৰিকাৰ সতীর্থ শিল্পী কমল কটকীয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব দৰং-ওদালগুৰি

সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু কলাইগাঁও সমষ্টিৰ বিধায়ক দুর্গা দাস বড়োৱে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্রমে বিশিষ্ট লেখক তথা লোক-সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়া, ওদালগুৰিৰ জিলা আযুক্ত পুলক পাটগিৰি, বিশিষ্ট কণ্ঠশিল্পী ড° মৌচুমী চহৰীয়া, বিশিষ্ট নাট্য আৰু চলচ্চিত্র শিল্পী পবিত্ৰ ৰাভাই। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই স্মৃতিগ্রন্থ উন্মোচন কৰিবলগীয়া সভাখনত পত্রিকা উন্মোচন কৰিব বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে। শিল্পী সম্বর্ধনাত তিনিগৰাকী শিল্পী ক্রমে ভূপেন্দ্ৰ সংগীতৰ শিল্পী পুষ্প হাজৰিকা, ভ্রাম্যমাণ থিয়েটাৰৰ সংগীত শিল্পী তীর্থ চহৰীয়া আৰু লোকসংগীতৰ শিল্পী তিলোত্তমা ডেকাক সম্বর্ধনা জনোৱা হ’ব। সন্ধিয়া ৭ বজাত ভূপেন্দ্ৰ সংগীতৰ বিশিষ্ট শিল্পী দিলীপ বৰুৱাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত বহু সংখ্যক শিল্পী-গায়কে অংশগ্রহণ কৰিব।

অসম সাহিত্য সভাৰ আহ্বান:

ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত অসম সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাৰ উপৰি স্বীকৃতিপ্রাপ্ত জিলা সাহিত্য সভা আৰু সক্রিয় শাখা সভাসমূহৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া তথা সদস্য-সদস্যাৰ পৰিয়ালসমূহ, আজীৱন সভ্যকে ধৰি সকলো স্থায়ী সভ্য আৰু সাধাৰণ সভ্য পৰিয়ালৰ সদস্যসকলক আৰু অসমবাসীক নিজৰ বাসগৃহৰ পদুলিমুখত কলপুলি ৰুই সন্ধিয়া বন্তি প্রজ্জ্বলন কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই মুকলি আহ্বান জনাইছে। ইফালে ওদালগুৰি জিলাৰ সকলো বাসিন্দাই জন্ম শতবৰ্ষৰ স্মৃতি জোনাক জাগৰণৰ বাবে ঘৰে ঘৰে কলপুলি ৰুই সন্ধিয়া বন্তি প্রজ্জ্বলন আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্রান্তত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূর্তিসমূহত দুদুনি ধৰি অবিৰতভাৱে বন্তি প্রজ্জ্বলন কৰিবলৈ ইতিমধ্যে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

You Might Also Like

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
যোৰহাটত পুনৰ বনৰীয়া হাতীৰ জাকৰ বিচৰণ
উৰবাহাত ইউ পি পি এল দলৰ বৃহৎ যোগদান সমাৰোহ
আজিৰ পৰা কামৰূপ ( ম) জিলাত প্ৰশাসন গাঁৱৰ ফালে অভিযান | BulletsIn
ধমধমা মহিনাত মহিলা সকলৰ বেংক একাউণ্ট উঠিছে টকাৰ উজান | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মণিপুৰৰ শান্তিৰ দিশত যাত্ৰা: সংঘাতৰ পৰা সংযোগলৈ | BulletsIn
Next Article নৱাজৰ হেট্ৰিকৰ সহায়ত আফগানিস্তানক পৰাজিত কৰি পাকিস্তানৰ ত্ৰিকোণীয় শৃংখলাত জয়লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?