বাক্সা, ১৫ আগষ্ট (হি.স.): বিৰোধীৰ দুৰ্গ কপাঁই কাউৰবাহাত ইউ পি পি এল দলৰ বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয়। গোৰেশ্বৰৰ কাউৰবাহাত ইউ পি পি এল দলৰ যোগদান সভাত পাঁচ শতাধিক লোকে দলটোত যোগদান কৰে । বিটিচি নিৰ্বাচনৰ বাবে অধিক তৎপৰতাৰে সাজু হৈ পৰিছে শাসক ইউপিপিএল দল । দলটোত যোগদান কৰাসকল বিপিএফ–বিজেপিকে ধৰি বিভিন্ন দল সংগঠনৰ লোক আছিল।
যোগদান সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী তথা ইউপিপিএল দলৰ উপ সভাপতি খাম্ফা বৰগয়াৰী । অনুষ্ঠানত উপস্থিত থাকি খাম্ফা বৰগয়াৰীয়ে কয় যে, ভিচিডিচি কোনোবাই উঠাই দিব বিচাৰিলেও আমি উঠাই দিব নোৱাৰো। কাৰণ সৰু এটা কামৰ বাবে কোকৰাঝাৰলৈ যাব নোৱাৰে। গতিকে পঞ্চায়তীৰাজ ব্যৱস্থা বাহাল থাকিবই। আনহাতে ট্ৰাইবেল বেল এণ্ড ব্লক ট্ৰাইবেল লোক সকলে বনাই লোৱা নাই ইয়াক কেন্দ্ৰীয় চৰকাৰেহে দিছে। উক্ত যোগদান সভাত বিটিচিৰ এমচিএলএ পৱিত্ৰ কুমাৰ বড়োকে ধৰি কইবাগৰাকী ইউপিপিএল নেতা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
