
পশ্চিম কাৰ্বি আংলং, ০৬ ডিছেম্বৰ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ অব্য়াহত আছে।
প্ৰায় এক সপ্তাহ ধৰি খেৰণী বিভিন্ন অঞ্চলসমূহত বনৰীয়া হাতী মুক্ত বিচৰণ কৰি আছে। যাৰফলত অঞ্চলৰ ধান, কুঁহিয়াৰ, ৰহৰ আৰু পাচলি আদি খেতি নষ্ট হৈছে। অঞ্চসমূহত গোটেই ৰাতি ৰাইজে দেৱালীৰ দৰে ফটকা ফুটাই খেতি, ঘৰ ৰক্ষা কৰিবলৈ বাধ্য হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
