নতুন দিল্লী, ০৮ ছেপ্টেম্বৰ (হি.স.)। শ্বাৰজাহত দেওবাৰে নিশা অনুষ্ঠিত হোৱা অন্তিমখন খেলত মহম্মদ নৱাজৰ হেট্ৰিক আৰু ৫ উইকেটৰ সহায়ত পাকিস্তানে আফগানিস্তানক ৭৫ ৰানত পৰাস্ত কৰি ত্ৰিকোণীয় শৃংখলাত জয়লাভ কৰে। এই ছিৰিজৰ তৃতীয়টো দল আছিল ইউ এ ই।
মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৪১/৮ ৰান সংগ্ৰহ কৰে। ফখৰ জামানে ২৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ আৰু মহম্মদ নৱাজে ২৫ ৰান সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ ৰছিদ খানে ৩টা উইকেট দখল কৰাৰ বিপৰীতে নূৰ আহমেদে ২টা উইকেট দখল কৰে।
ইয়াৰ উত্তৰত আফগানিস্তানৰ দলটোৱে ১৫.৫ অভাৰত মাত্ৰ ৬৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইনিংছৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰ উইকেট আউট গৈ থাকিল। প্ৰথম অভাৰত শ্বাহীন আফ্ৰিদীয়ে ৰহমানুল্লাহ গুৰবাজক আউট কৰে। ইয়াৰ পিছতে একেৰাহে আঘাত কৰে আবৰাৰ আহমেদ আৰু নৱাজে। নৱাজে ষষ্ঠ আৰু সপ্তম অভাৰত দৰৱিছ ৰছুলী, আজমাতুল্লাহ উমৰজাই আৰু ইব্ৰাহিম জাদ্ৰানক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰে। তেওঁ মুঠ ৫টা উইকেট দখল কৰে। চুফিয়ান মুকীম আৰু আব্ৰাৰ আহমেদে দুটাকৈ উইকেট দখল কৰে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইটো আছিল আফগানিস্তানৰ দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ। উৎকৃষ্ট বলিঙৰ আধাৰত ৭৫ ৰানত জয়লাভ কৰি পাকিস্তানে ত্ৰিকোণীয় শৃংখলাৰ খিতাপ দখল কৰে।
চমু স্ক’ৰ বোৰ্ড:
পাকিস্তানঃ ১৪১/৮ (২০ অভাৰ) – ফাখৰ জামান ২৭, মহম্মদ নৱাজে ২৫; ৰছিদ খান ৩/৩৮, নূৰ আহমেদ ২/১৭
আফগানিস্তানঃ ৬৬ (১৫.৫ অভাৰ) – ৰছিদ খান ১৭; মহম্মদ নৱাজ ৫/১৯, চুফিয়ান মুকীম ২/৯, আব্ৰাৰ আহমেদ ২/১৭
ফলাফলঃ পাকিস্তানে ৭৫ ৰানত জয়লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
