লাহোৰ (পাঞ্জাব) পাকিস্তান, ২৭ আগষ্ট (হি.স.)। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ছখন জিলাৰ নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে। পঞ্জাৱ চৰকাৰে উপকূলীয় অঞ্চলৰ গাঁও খালী কৰি আছে। লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় কৰিবলৈ ছয়খন জিলাত সেনাবাহিনীক আহ্বান জনোৱা হৈছে। মঙলবাৰে গভীৰ নিশা প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ভাৰতে ৰবি নদীৰ ওপৰত অৱস্থিত থেইন বান্ধৰ সকলো গেট মুকলি কৰিছে। এই সময়ছোৱাত বৰষুণৰ বাবে চেনাব নদীত জলস্তৰ বৃদ্ধি পাইছে। চেনাবৰ নিম্ন অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ডন কাকতৰ খবৰ অনুসৰি বুধবাৰে পুৱা ২ বজাত হেড মৰালাৰ চেনাব নদী আৰু হেড জছাৰৰ ৰবি নৈয়ে বিপদৰ চিন অতিক্ৰম কৰিলে। ইয়াৰ ফলত অঞ্চলটোত বানপানীৰ সৃষ্টি হয়। চেনাৱত অৱস্থিত হেড খাংকি আৰু হেড কাদিৰাবাদেও অহা ২৪ ঘণ্টাৰ ভিতৰত বিপদজনক স্তৰ অতিক্ৰম কৰিব পাৰে। ৰবি নদীয়ে ব্যাপক ক্ষতি কৰিব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে। লাহোৰ, কাছুৰকে ধৰি বহু জিলাত জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে।
কাছুৰত ৭২ খন গাঁও আৰু ৪৫ হাজাৰ বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে। পাকপট্টান, ভেহাৰী, বাহাৱালনগৰ, বাহাৱালপুৰকে ধৰি ছতলেজ অৱবাহিকাত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বিষয়াসকলে জনোৱা মতে, ১৪ হাজাৰ সাধাৰণ নাগৰিক আৰু ১৭ হাজাৰ পশুধন খালী কৰা হৈছে। ইয়াৰ উপৰিও ১৩০ খন নাও, ১১৫ খন আউটবৰ্ড মটৰ, ৫০০ খন উদ্ধাৰকাৰী, ১৩০০ লাইফ জেকেট আৰু ১৬০০ টা টেণ্টো মোতায়েন কৰিছে বুলি পিডিএমএই জানিবলৈ দিয়ে। ৰেচকিউ ১১২২ য়ে কাছুৰ, ওকৰা, পাকপট্টান, বাহাৱালনগৰ আৰু ভেহাৰীৰ পৰা ২৮,০৫৫ জন লোকক উলিয়াই আনিছে বুলি জানিবলৈ দিয়ে। পিডিএমএৰ সঞ্চালক প্ৰধান ইৰফান আলী কাঠিয়াই নদীৰ তল আৰু নলা, বিশেষকৈ ডেগ নলাৰ পৰা পানী শীঘ্ৰে নিষ্কাশন কৰাৰ নিৰ্দেশ দিছে।
ইফালে, সাহায্য আয়ুক্ত নবীল জাভেদে মুৰি আৰু গলিয়াটত ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে। পঞ্জাৱৰ গৃহ বিভাগৰ মুখপাত্ৰৰ মতে, লাহোৰ, ফৈছালাবাদ, কাছুৰ, চিয়ালকোট, নৰোৱাল আৰু ওকৰা জিলাত জিলা প্ৰশাসনক সহায়ৰ বাবে সেনা মোতায়েন কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ইনাম হাইদৰ মালিকে সকীয়াই দিছে যে পাকিস্তানৰ ৭৫০০ হিমবাহৰ প্ৰায় ৪৫ শতাংশই দ্ৰুতগতিত গলিছে। এইবাৰৰ বিধ্বংসী বানপানীৰ মূল কাৰণ হৈছে হিমবাহৰ গলি। তেওঁ কয় যে বৰ্তমানৰ বাৰিষা অহা ১০ ছেপ্টেম্বৰলৈকে চলিব বুলি জানিব পৰা গৈছে। এই বাৰিষাত এতিয়ালৈকে সমগ্ৰ দেশতে প্ৰায় ৮০০ জন লোকৰ প্ৰাণহানি হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
