টেল আভিভ (ইজৰাইল), ২০ আগষ্ট (হি.স.)। গাজা পট্টিত যুদ্ধ চলাই থকা ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদী সংগঠন হামাছৰ অধিনায়ক মহম্মদ নাইফ আবু ছামালাক হত্যা কৰে। তেওঁ আছিল হামাছৰ নুখবা কোম্পানীৰ কমাণ্ডাৰ।
আই ডি এফে ‘এক্স’ত ছামালাৰ ফটোৰ সৈতে এটা পোষ্টত কয় যে ২০২৩ চনৰ ৭ অক্টোবৰত সংঘটিত হত্যাকাণ্ডৰ সময়ত হামাছৰ সন্ত্ৰাসবাদী মহম্মদ নাইফ আবু ছামালা মাৰাছ পোষ্টৰ পৰা পলায়ন কৰিছিল। গাজা পট্টিত যুদ্ধৰ সময়ত আইডিএফৰ জোৱানৰ বিৰুদ্ধে কেইবাবাৰো আক্ৰমণ চলাইছিল ছামালাই। আন এটা পোষ্টত আইডিএফে কয় যে নিৰাপত্তা বাহিনীয়ে হামাছৰ সন্ত্ৰাসবাদী জেহাদ কমল চেলিম নাজ্জাৰক হত্যা কৰিছিল। ৭ অক্টোবৰত সংঘটিত হত্যাকাণ্ডৰ সময়ত ইজৰাইলৰ নাগৰিক য়াৰ্ডেন বিবাছক অপহৰণ কৰাত জড়িত আছিল নাজ্জাৰ। ১০ আগষ্টত তেওঁক হত্যা কৰা হৈছিল।
দ্য টাইমছ অৱ ইজৰাইল কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, বুধবাৰৰ পৰা গাজা চহৰত প্ৰায় ৬০ হাজাৰ ইজৰাইলী সংৰক্ষিত সৈন্যই হামাছক আক্ৰমণ কৰাৰ নিৰ্দেশ লাভ কৰিবলৈ গৈ আছে । যদি গাজা চহৰত এই আক্ৰমণ অব্যাহত থাকে তেন্তে এই অভিযানৰ সময়ত এই জোৱানসকলক প্ৰায় ১,৩০,০০০ ইজৰাইলী সৈন্যৰ সৈতে নিয়োগ কৰা হ’ব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
